অসম

দৰঙত তিনি চোৰাং গঁড় চিকাৰী আটক

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ পৃথিৱী বিখ্যাত এশিঙিয়া গঁড় চিকাৰৰ বাবে খাপ পিটি থকা তিনি গঁড় চিকাৰীক বুধবাৰে দৰং আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এটি দলে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্যমতে, ওৰাং ৰাষ্ট্রীয় উদ্যানত ১৫ মে'ৰ নিশা এটা গঁড় চিকাৰৰ বাবে এই তিনি ধৃতই পৰিকল্পনা কৰি শিলবৰী থানা এলেকাত বাহৰ পাতি থাকোতেই গোপন খবৰৰ ভিত্তিত দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ তত্বাৱধানত যোৱা অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীৰ দলটোক আটক কৰিব সক্ষম হয়।

আৰক্ষীয়ে দলটোৰ পৰা এটা .৩০৩ ৰাইফল, এটা ছাইলেন্সৰ, ১১ জাই সজীৱ গুলী আৰু এখন খুকুৰী উদ্ধাৰ কৰে। ধৃত চিকাৰী কেইজন ক্ৰমে- সাগৰ সিনহা, সমচেৰ আলী আৰু মৰুজ আলী বুলি জানিব পৰা গৈছে। ইয়াৰে সাগৰ সিনহা ১২ আসাম ৰাইফলচৰ পৰা পলাই অহা জোৱান বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।