অসম

সোণতলীৰ কাছাৰীপামত সামূহিক উৎসৱ

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত সোণতলীৰ কাছাৰীপাম প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ উপলক্ষে বিশেষ অনুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হৈ যায়৷ জানিব পৰামতে ছাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মাহতলীৰ চি আৰ চি চি নিজামুল হক চৌধুৰীয়ে৷

সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই 'শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিৱলৈ কণ কণ শিশুৰ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায়৷ ইয়াৰোপৰি শিশুসকলক ম'বাইল ফোনৰ পৰাও বিৰত থাকিবলৈও আহ্বান জনায়৷ সভাত জিলা আঁচনি বিষয়া ফুলপাহি নাথ, কল্পনা দাস, মীৰ্জানুল হক, দোস্ত লালউদ্দিন, আশ্ৰাফ উদ্দিন আহমেদ, নূৰ উদ্দিন, আব্দুৰ ৰৌফ হুছেইন প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷