অসম

অৱশেষত আৰম্ভ হ’ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ আৰিকাটি বজাৰ সংযোগী সুঁতিখনত কাঠৰ দলংখন নিৰ্মাণত বিভাগীয় ঠিকাদাৰ গৰাকীয়ে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ বাতৰি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশৰ পিচতে দলঙৰ মেৰামতিৰ কাম বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, বিগত এবছৰ পূৰ্বে বকোৰ বিধায়িকা নন্দিতা দাসে এছ অ' পি ডি আঁচনিৰ অধীনত ৬৮ লাখ টকা ব্যয় সাপেক্ষে সোণতলীৰ আৰিকাটি বজাৰ ই এণ্ড ডি মথাউৰি সংলগ্ন বৰদিয়া নয়াপাৰা পথৰ কাঠৰ দলংখনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে৷

দলংখনৰ শিলান্যাসৰ পিচতে মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত বকোৰ সোণতলীৰ আৰিকাটি বজাৰ সংলগ্ন সুঁতিৰ বৰদিয়া নয়াপাৰাৰ কাঠৰ দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰে৷ দলংখন নিৰ্মাণত ঠিকাদাৰগৰাকীয়ে প্ৰথমৰ পৰাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে৷ নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰা সন্দৰ্ভত ৰাইজে বিভাগীয় ঠিকাদাৰগৰাকীক বাৰম্বাৰ অৱগত কৰাৰ পিচতো কোনোধৰণৰ কাণসাৰ দিয়া নাছিল৷

ফলত নিৰ্মাণৰ এবছৰতে দলংখনৰ মাজৰ এটা অংশ তললৈ বহি যোৱাত যিকোনো সময়ত দুৰ্ঘটনাৰ আশংকা ঘনীভূত হোৱাৰ সমান্তৰালকৈ অঞ্চলটোৰ ৰাইজ একপ্ৰকাৰ শংকিত হৈ পৰে৷ আনহাতে সোণতলীৰ আৰিকাটি বজাৰ সংযোগী সুঁতিখনত কাঠৰ দলংখন বিসংগতিৰে নিৰ্মাণ কৰাত এবছৰতে দলঙৰ এটা অংশ তললৈ বহি যোৱাত স্থানীয়া ৰাইজে ইয়াৰ প্ৰতিবাদ কৰে৷

সোণতলীৰ আৰিকাটিৰ কাঠৰ দলঙখন বিসংগতিৰে নিৰ্মাণৰ বাতৰি যোৱা ২০ মে'ত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত বাতৰি প্ৰকাশৰ পিচতে বিভাগীয় ঠিকাদাৰে দলংখনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ বাধ্য হৈছে৷