অসম

সোণতলীত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ এলেকাধীন লটুৰাদিয়া গাঁৱত মঙলবাৰে কামৰূপ জিলা প্ৰশাসনে অভিযান চলাই ভাং খেতি ধ্বংস কৰাৰ লগতে প্ৰায় ২৫ কিলোগ্ৰাম শুকান গাঞ্জা জব্দ কৰে৷

জানিব পৰা মতে, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, ডি এছ পি কল্যাণ কুমাৰ পাঠক, ডেইজি গগৈ আৰু সোণতলী আৰক্ষীৰ সহযোগত মঙলবাৰে সোণতলীৰ লটুৰাদিয়া এন ছি গাঁৱত ভাং খেতিৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলায়৷

এই অভিযানকালত প্ৰশাসনৰ দলটোৱে ভাং খেতি ধ্বংস কৰাৰ লগতে জয়নাল আবেদিন নামৰ লোকজনৰ ঘৰৰপৰা প্ৰায় ২৫ কিলোগ্ৰাম শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷