অসম

২০ খন আসন লাভেৰে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ দখল কৰিলে বিজেপিয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০ খন আসন লাভেৰে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ দখল কৰিলে বিজেপিয়ে।ইয়াৰ বিপৰীতে ৫ খন আসনত মাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী আৰু ১ খনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈা সক্ষম হয়। উল্লেখ্য যে, সোমবাৰে ভোটগণনা চলা ৩ খন স্বায়ত্ত শাসিত পৰিষদৰ মিছিং আৰু ৰাভা হাছং স্বায়ত্ত পৰিষদ ক্ৰমে গণশক্তি আৰু ৰাভা হাছং যৌথ সমিতিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদত শাসক দল বিজেপিয়ে এই সংখ্যাগৰিষ্ঠতা লাভ কৰে।