শোণিতপুৰ

তৰমুজৰ খেতিৰে স্বাৱলম্বিতাৰ বাট দেখুৱাইছে জামুগুৰিহাটৰ যুৱকে...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ চামধৰা পানিগাঁৱৰ প্ৰগতিশীল যুৱ-কৃষক শৰৎ বৰুৱাই জৈৱিক পদ্ধতিৰে উৎপাদন কৰা আৰোহি আৰু বিচালা প্ৰজাতিৰ হালধিয়া আৰু ৰঙা ৰঙৰ তৰমুজ খেতিৰে বিশেষ চৰ্চা লাভ কৰিছে ৷ প্ৰথমে নিজৰ পাঁচ বিঘা মাটিত সাধাৰণ প্ৰজাতিৰ তৰমুজ খেতি কৰি লাভান্বিত হৈ বৰ্তমান দুই বিঘাৰো অধিক মাটিত কৃষক গাৰাকীয়ে আৰোহি আৰু বিচালা প্ৰজাতিৰ তৰমুজ খেতি কৰি স্বাৱলম্বী হৈ যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

লগতে আন নিৱনুৱাকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে ৷ ইয়াৰ পূৰ্বে নিজৰ পাঁচ বিঘা মাটিত কেৰটিনা আৰু ভেলন্টিনা নামৰ ৰং বিৰঙৰ ফুল কবি আৰু ষ্টবেৰীকে ধৰি ঋতু অনুসৰি বিভিন্ন খেতি কৰি বিশেষ সমাদৰ লাভ কৰা যুৱ-কৃষক শৰৎ বৰুৱাই সুদূৰ নেদাৰলেণ্ডৰ বিশেষ সোৱাদ যুক্ত কলা জিকাৰ খেতি কৰি ৰাইজ সমাদৰ লাভ কৰিছিল ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ৰং বিৰঙৰ ফুলকবি, কলা জিকা, ষ্টবেৰী আদি খেতিৰ বাবে ইতিমধ্যে শোণিতপুৰ জিলা কৃষি বিভাগৰ দ্বাৰা আয়োজিত কৃষি মেলাত প্ৰথম শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল চামধৰা পানিগাঁৱৰ আদৰ্শ কৃষক শৰৎ বৰুৱাই৷

বৰ্তমান কৃষকগৰাকীয়ে উৎপাদন কৰা ৰং বিৰঙৰ তৰমুজে ৰাইজৰ সমাদৰ লাভ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ আদৰ্শ কৃষক শৰৎ বৰুৱাই কৰা আৰোহি আৰু বিচালা নামৰ উন্নত প্ৰজাতিৰ তৰমুজ খেতিৰ বীজ যোগান ধৰা নউন ইউ চিদ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (KNOWN YOU SEED (I) PVT LTD.) নামৰ কোম্পানীটোৰ বিষয়া আচমত আলিয়ে ৰবিবাৰে সম্পূৰ্ণ খেতিপথাৰ পৰিদৰ্শন কৰি শলাগ লয় ৷

অলপতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই কৃষিবিভাগৰ উচ্ছপদস্থ বিষয়াক লগত লৈ আদৰ্শ যুৱ-কৃষক শৰৎ বৰুৱাৰ কৃষি কাৰ্য পৰিদৰ্শন কৰি অভিভূত হৈ ভূয়সী প্ৰসংশা কৰে ৷ বৰ্তমান এই গৰাকী যুৱ-কৃষক শৰৎ বৰুৱা নিৱনুৱা যুৱকসকলৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ৷