দ্বাৰ মুকলি
দ্বাৰ মুকলি 
শোণিতপুৰ

গহপুৰ লোক কৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ দ্বাৰ মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰৰ বড়িগাঁৱত "গহপুৰ লোক কৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ" নামেৰে এটি কৃষ্টি-সাংস্কৃতিক কেন্দ্ৰৰ আনুষ্ঠানিকভাবে দ্বাৰ মুকলি কৰা হয় । অসমৰ কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ সুদীৰ্ঘ দিন ধৰি নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা সংস্কৃতিবান মহিলা লীনা শইকীয়া বৰাই কেন্দ্ৰটোৰ অধ্যক্ষা হিচাপে নিযুক্তি লাভ কৰিছে । এই কেন্দ্ৰটোৰ দ্বাৰ মুকলি অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে বিহু সুৰক্ষা সমিতি অসমৰ লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ আহ্বায়ক লক্ষ্য তামুলী ফুকনে।

মুকলি

এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত ফিটা কাটি কেন্দ্ৰটোৰ দ্বাৰ মুকলি কৰি দিয়া ভাষণত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কিশোৰ সিং ৰাজপুতে এই কেন্দ্ৰটোৱে লোক কৃষ্টি সমূহৰ পৰম্পৰা আৰু ঐতিহ্যক নৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি গহপুৰ লোক কৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ ভৱিষ্যত উজ্বল কামনা কৰে । এই উপলক্ষে অনুষ্ঠিত দ্বাৰ মুকলি অনুষ্ঠানটোত সভাপতিত্ব কৰে বিহু সুৰক্ষা সমিতিৰ বিশ্বনাথ জিলাৰ জিলা সভাপতি ডাঃ ৰঞ্জন গগৈয়ে ।

মুকলি

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিহু বিশেষজ্ঞ নাৰায়ণুৰৰ কৃষ্ণ বৰা, গহপুৰৰ বিশিষ্ট কবি, সাহিত্যিক নগেন কোঁৱৰ, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰুৱা, গহপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা শংকৰদেৱ শিক্ষা নিকেতনৰ স্বত্বাধিকাৰী উদয় আদিত্য গোস্বামী, জ্ঞান ভাৰতী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা জিলমিল বৰা তামুলী, বিশিষ্ট সমাজকৰ্মী তথা গহপুৰ বিহু সুৰক্ষা সমিতিৰ উপদেষ্টা দেবেশ্বৰ বৰুৱা , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দিলীপ বৰ, গহপুৰৰ প্ৰতিষ্ঠিত চিত্ৰশিল্পী বিপ্লৱ দে',গহপুৰৰ প্ৰতিষ্ঠিত বাদ্যশিল্পী তথা বিশিষ্ট ব্যৱসায়ী ৰাহুল দত্তকে প্ৰমুখ্য কৰি গহপুৰৰ সাংস্কৃতিক জগত খনৰ লগত জড়িত হৈ থকা বহু বিশিষ্ট লোক । বিহু সুৰক্ষা সমিতি আৰু বিদ্যায়তনিক পৰিষদ অসমৰ অধীনত শুকুৰবাৰে গহপুৰত নতুনকৈ মুকলি কৰা বিশ্বনাথ জিলাৰ প্ৰথমটো লোক কৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ সমগ্র জিলাখনৰ সাংস্কৃতিক ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে কৃষ্টি-সংস্কৃতি প্ৰেমী ৰাইজে।