শোণিতপুৰ

চিতলমাৰীত ৩০০ কোটি ব্যয়ৰে ৫০ মেগাৱাট ক্ষমতাৰ সৌৰ শক্তি প্ৰকল্পৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,শোণিতপুৰ : শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ ব্ৰহ্মপুত্ৰৰ চাপৰি ৩ নং চিতলমাৰীত ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা ৫০ মেগাৱাট ক্ষমতাৰ এটা সৌৰ শক্তি প্ৰকল্পৰ দেওবাৰে ভূমি পূজন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি ভূমি পূজন আৰু শিলান্যাসৰ পিছত অহা ৩০ এপ্ৰিলৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হ'ব লগা এই সৌৰ শক্তি প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময়সীমা ধাৰ্য কৰা হৈছে ২০২৫ চনৰ এপ্ৰিল মাহ।

উল্লেখযোগ্য যে, ঢেকিয়াজুলি ৰাজহ চক্ৰৰ বৰছলা মৌজাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৮৬৪ বিঘা ভূমিত এই সৌৰ শক্তি প্ৰকল্পটো স্থাপনৰ উদ্যোগ গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে। প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্বত আছে এছ জে ভি এন গ্ৰীণ এনাৰ্জী লিমিটেড নামৰ সংস্থাটো।

স্মৰণযোগ্য যে, প্ৰায় এবছৰ পূৰ্বে শোণিতপুৰৰ জিলা প্ৰশাসনে চিতলমাৰীত উচ্ছেদ চলাই ৮৬৪ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল। ইয়াৰ পাচতে এই ভূমি ৰাজহ বিভাগে সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক হস্তান্তৰ কৰিছিল।

এ পি ডি চি এলৰ ঢেকিয়াজুলি সংমণ্ডলৰ ঢেকিয়াজুলি উপ-সংমণ্ডল-২ ৰ অন্তৰ্গত এলেকাত স্থাপন হ'বলৈ যোৱা এই সৌৰ শক্তি প্ৰকল্পটোত উৎপাদিত বিদ্যুতে অঞ্চলটোৰ বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। ঢেকিয়াজুলিৰ এই প্ৰকল্পকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত স্থাপন কৰিবলৈ লোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ সৌৰ শক্তি প্ৰকল্পসমূহ ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত ৩০০০ মেগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এক সবল পদক্ষেপ বুলি চৰকাৰীভাৱে ইতিমধ্যে ঘোষণা কৰা হৈছে ৷

ইয়াৰোপৰি বৰছলাৰ চিতলমাৰীত আদৰ্শ আৱাসিক বিদ্যালয় গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।