শোণিতপুৰ

এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল মাজুলীৰ বিধায়ক ভুৱন গাম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ'ল মাজুলীৰ বিধায়ক ভুৱন গাম। আজি দিনৰ প্ৰায় ১১-৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ বিৱৰণ অনুসৰি লখিমপুৰৰ দিশৰ পৰা তেজপুৰ দিশে নিজা বাহনেৰে আহি আছিল বিধায়ক ভুৱন গাম। তাৰ মাজতে শোণিতপুৰ জিলাৰ বালিপাৰাত ভুৱন গাম মুখামুখী হয় হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ।

সন্মুখৰ ফালৰ পৰা আহি থকা এখন বলেৰ' বাহনে খুন্দা মাৰে বিধায়কজনৰ এ এছ ০১ এফ এফ ১২০০ নম্বৰ কিয়া কাৰ্নিভেল বাহনখনত। সেই সময়ত বাহনখনত আছিল বিধায়ক ভুৱন গাম আৰু তেওঁৰ পত্নী, ২ গৰাকী দেহৰক্ষী।

আনহাতে বলেৰ' বাহনখনতো আছিল কেইবাজনো লোক। এই দুৰ্ঘটনাত সামান্য ভাৱে আহত হয় বিধায়কসহ তেওঁৰ বাহনত থকা আটাইকেইজন লোক।

সমান্তৰালকৈ আহত হৈছে বলেৰ'খনৰ যাত্ৰীসকলো। তীব্ৰ বেগী বলেৰ'খনে কিয়া কাৰ্নি ভেলখনত খুন্দা মৰাৰ পাছতে পথৰ দাঁতিত বাগৰি পৰে। বলেৰ'খনৰ নম্বৰ এ এছ ১২ ৱাই ৭২৮৯।

অৱশ্যে স্থানীয় লোকে ততাতৈয়াকৈ আটাইকেইজনকে উদ্ধাৰ কৰে। আহত ভুৱন গামসহ তেওঁৰ পত্নী আৰু দেহৰক্ষীক প্ৰথমে বালিপাৰা চিকিৎসা কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। তাৰ পাছত তেওঁলোকক লৈ অনা হয় তেজপুৰস্থিত টাইমছ হাস্পতাললৈ।