শোণিতপুৰ

জামুগুৰিহাটৰ জয়সিদ্ধিৰ তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ জয়সিদ্ধিৰ মধুপুৰ গাঁৱৰ এগৰাকী বিবাহিতা মহিলা যোৱা এমাহ ধৰি নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জয়সিদ্ধি মধুপুৰ গাঁও নিৱাসী পুষ্পকান্ত নাথৰ পত্নী আইমনি দেৱীয়ে ইটাখোলাৰ বেংকৰ পৰা অৰুণোদয়ৰ টকা আনোগৈ বুলি ঘৰৰ পৰা ওলাই গৈ ঘুৰি নহাত চিন্তিত হৈ পৰিছে স্বামী ও পৰিয়ালবৰ্গ ৷

পত্নী ঘৰলৈ ঘুৰি নহাত পৰিয়াল তথা ওচৰ চুবুৰীয়া সকলোতে বিচাৰ খোচাৰ কৰে যদিও কোনো সুংসূত্ৰ লাভ নকৰি স্বামী নাথে ইটাখোলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ তিনি সন্তানৰ মাতৃ আইমনি দেৱীৰ সম্ভেদ পালে ৯৩৯৪৫৩৯৬২৯ (9394539629) নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়াল বৰ্গই ৷