শোণিতপুৰ

হেলেমৰ গঙ্গা গোশালাত মৃত্যুৰ ক্ষণ গণিছে সহস্ৰাধিক গৰুৱে..

Asomiya Pratidin

ডিজিটেল সংবাদ, হেলেমঃ হেলেমৰ গঙ্গা গোশালাত সহস্ৰাধিক গৰুৱে খাদ্যৰ অভাৱত কিম্বা চিকিৎসাৰ অভাৱত মৃত্যুৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত অবৈধ ভাৱে কঢ়িয়াই অনা গৰু জব্দ কৰাৰ পাছত গোধন সমূহ গঙ্গা গৌশালাত ৰখাৰ ব্যৱস্থা কৰিছে ধ্যান ফাউণ্ডেশ্যন নামৰ বে চৰকাৰী সংস্থাটোৱে ।

ধ্যান ফাউণ্ডেশ্যনে চোৱা চিতা কৰা গঙ্গা গোশালাত বৰ্তমান সহস্ৰাধিক গৰু ৰখা হৈছে যদিও এজন মেনেজাৰ আৰু দুজনমান গৰখীয়া ৰাখিয়েই দ্বয়িত্ব সামৰা পৰিলক্ষিত হৈছে । যাৰ ফলত গৰুবোৰ উপযুক্ত খাদ্য বা চিকিৎসাৰ অভাৱত এটা এটাকৈ গৰু মৃত্যু মুখত পৰিছে । এই দাবী কাৰিছে সচেতন নাগৰিক মঞ্চৰ ।

শুকুৰবাৰে কাৰিবিল সচেতন নাগৰিক মঞ্চৰ এটি সজাতি দলে গঙ্গা গোশালাত উপস্থিত হৈ গৰুবোৰৰ অৱস্থা দেখি হতবাক হৈ চৰকাৰক উক্ত গো ধন সমুহ অতি শীঘ্ৰেই নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে।