ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...
ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ... 
শোণিতপুৰ

ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ ক্ৰমাৎ হত্যা, হিংসা বৃদ্ধি পাইছে ৰাজ্যত ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সংঘটিত হৈছে ভয়ংকৰ এক হত্যাকাণ্ড ৷ পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ ৷

চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত থাইগিৰিবাৰীত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড৷ পুত্ৰ সাম্বাৰু বসুমতাৰী(৩০)ৰ হাতত প্ৰাণ গ'ল পিতৃ নানু বসুমতাৰী(৫৫)ৰ ৷ গুৰুতৰভাৱে আহত হৈছে পুত্ৰ সাম্বাৰু বসুমতাৰীও ৷ পাৰিবাৰিক কন্দলৰ পৰিনতিত সংঘটিত হৈছে এনে হত্যাকাণ্ড ৷