শোণিতপুৰত নৱম শ্ৰেণীৰ দুটা পৰীক্ষা বাতিল...
শোণিতপুৰত নৱম শ্ৰেণীৰ দুটা পৰীক্ষা বাতিল... 
শোণিতপুৰ

শোণিতপুৰত নৱম শ্ৰেণীৰ দুটা পৰীক্ষা বাতিল...

Asomiya Pratidin
  • পৰীক্ষাৰ পূৰ্বেই ফাদিল হ'ল নৱম শ্ৰেণীৰ প্ৰশ্নকাকত।

  • শোণিতপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

  • জিলাখনৰ নৱম শ্ৰেণীৰ মাতৃভাষা আৰু সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল।

  • ২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল মাতৃভাষাৰ পৰীক্ষা।

  • আনহাতে ২৪ ফেব্ৰৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।

  • পৰীক্ষাৰ পূৰ্বেই প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছে দুয়োটা পৰীক্ষা।

  • এক নিৰ্দেশনা যোগে জিলা পৰীক্ষা সমিতিয়ে এই কথা প্ৰকাশ কৰিছে।

  • পৰৱৰ্তী সময়ত পৰীক্ষাৰ দিন সন্দৰ্ভত এক জাননী জাৰি কৰা হ’ব বুলি জনাইছে সমিতিয়ে।