শোণিতপুৰ

গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত চাৰিদুৱাৰত ফুটবল প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত অনুষ্ঠিত হৈছে ফুটবল খেল প্ৰতিযোগিতা। চাৰিদুৱাৰ কেন্দ্ৰীয় খেলপথাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক এই ফুটবল প্ৰতিযোগিতাখনি গোৰ্খা জনগোষ্ঠীৰ যুৱকসকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে।

ফুটবল খেল প্ৰতিযোগিতাখনিত ৰাজ্যৰ মুঠ ১৬ টাকৈ ফুটবল দলে অংশগ্ৰহণ কৰিছে।মুক্তিযুঁজাৰু দলবীৰ সিং লোহাৰৰ পৱিত্ৰ স্মৃতিত আয়োজন কৰা এই খেলখনৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক ভৰলীকোৱৰ পদ্ম হাজৰিকাই। শোণিতপুৰ- বনাম পশ্চিম কাৰ্বি আংলংৰ মাজত অনুষ্ঠিত খেলখনত শোণিতপুৰ-দলে ৭-০ গ'লৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ এই খেলখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং।