অসম

বিধেয়ক বাতিলৰ দাবীত শোণিতপুৰ জিলাৰ ২৮ শ্বহীদ পৰিয়ালে ঘূৰাই দিলে বঁটা

asomiyapratidin

ডিজিটেল সংবাদ তেজপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বুধবাৰে শোনিতপুৰ জিলাৰ ২৮ গৰাকী জাতীয় শ্বহীদৰ পৰিয়ালে শোণিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ শ্বহীদ স্মাৰক বঁটা ঘূৰাই পঠিয়ায় ।

উল্লেখ্য যে কাৰ্য্যসুচীৰ পূৰ্বে অসমীয়া ক্লাবত জিলা খনৰ শ্বহীদ পৰিয়ালৰ সদস্য সকলৰ উপস্থিতিত দিনৰ ১১.৩০ বজাত জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ শোনিতপুৰ জিলাৰ সভাপতি উমেশ শইকীয়াৰ সভাপতিত্বত এখন গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয় ।

ইয়াৰ পাছতেই শ্বহীদ পৰিয়ালৰ সদস্য সকলে হাতে হাতে শ্বহীদ স্মাৰক বঁটা লৈ সমদল কৰি গৈ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপস্থিত হয় আৰু অতিৰিক্ত উপায়ুক্ত কে কে শৰ্মাৰ হাতত শ্বহীদ বটা অৰ্পন কৰে । আনহাতে এই স্মাৰক বটা ঘুৰাই দিয়াৰ সময়ত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ।