অসম

শোণিতপুৰত বজৰংগ দলৰ সদস্যক আক্ৰমণ দুৰ্বৃত্তৰঃ জ্বলাই দিলে বাহন, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে শোণিতপুৰৰ ভৰাশিঙৰীত সংঘটিত হয় ভয়ংকৰ ঘটনা। বজৰংগ দলৰ সদস্যক আক্ৰমণ কৰে দুৰ্বৃত্তই। এই আক্ৰমণত আহত হৈছে কেইবাজনো বজৰংগ দলৰ সদস্য। জানিব পৰা মতে, বজৰংগ দলৰ বিশাল বাইক ৰেলীক লৈ সৃষ্টি হৈছে এই তুমুল সংঘৰ্ষৰ।

উল্লেখ্য যে, অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজনৰ লগত সংগতি ৰাখি বজৰংগ দলে উলিয়াইছিল এই ৰেলী। শিঙৰীৰ চুটি পাহাৰস্থিত শিৱ মন্দিৰলৈ গৈছিল বজৰংগ দলৰ সদস্যসকল। হাতে হাতে লাঠি-চোকা অস্ত্ৰ লৈ শোণিতপুৰত সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিস্থিতিৰ।

ইফালে, বজৰংগ দলৰ সদস্যক আক্ৰমণ কৰাৰ উপৰিও দুৰ্বৃত্তই কেইবাজনো বাহন জ্বলাই দিয়ে। এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ এক বিশাল দল মোতায়েন কৰা হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে লাঠিচালনাৰ লগতে শূন্যলৈ গুলীচালনাও কৰা বুলি জানিব পৰা গৈছে।