অসম

শোণিতপুৰৰ জীয়াভৰলী নৈত ১৪.২ ফুটৰ প্ৰকাণ্ড অজগৰ মুকলি, VIDEO…

asomiyapratidin

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিপৰা বনাঞ্চলত দেওবাৰে সৰ্পমানৱ সৌৰভ বৰকটকীয়ে মুকলি কৰে প্ৰায় ১৪.২ ফুট দীঘল এডাল প্ৰকাণ্ড অজগৰ সাপ । তেজপুৰৰ পৰুৱাৰ পৰা সৰ্পমানৱ ৰূপে খ্যাত সৌৰভ বৰকটকীয়ে বনবিভাগৰ সহযোগত উদ্ধাৰ কৰিছিল এই প্ৰকাণ্ড অজগৰডাল। দেওবাৰে ভালুকপুঙৰ বাৰমাইলত বালিপৰা বনাঞ্চলৰ অন্তৰ্গত জীয়াভৰলী নৈত সৌৰভ বৰকটকীয়ে বনবিভাগৰ সহযোগত তথা জিলা বনবিষয়া ৰঞ্জিত কোৱৰৰ উপস্থিতিত মুকলি কৰি দিয়ে এই প্ৰকাণ্ড অজগৰটো।