অসম

চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ "সেউজ সংকল্প" গোষ্ঠী আৰু এম কে প্ৰডাকচনৰ উদ্যোগত তথা জিলাখনৰ শিল্পী সমাজৰ সহযোগত "গীতেৰে কথা পাতো আহা" শীৰ্ষক এটি গ্ৰীষ্মকালীন গীতৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। সোণাৰি নগৰস্থিত পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ১৬, ১৭ আৰু ১৮ জুলাইত অনুষ্ঠিত কৰা হ'ব এই কৰ্মশালা।

যশস্বী শিল্পী পুলক বেনাৰ্জী আৰু ৰূপম ভূঞা প্ৰশিক্ষক হিচাপে উপস্থিত থাকিবলগীয়া এই কৰ্মশালাত কোনো ধৰণৰ মাচুল দিব নালাগে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। সবিশেষ তথ্য তথা কৰ্মশালাত আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈ ৯৪৩৫২১৩৭০৪, ৯৯৫৪২৮০২৩৯, ৯১০১১৯২০১৫ আৰু ৮৭৫৩৯২৫৭৮০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।