অসম

সোণাপুৰত কাৰ্বি ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

asomiyapratidin

ডিজিটেল সংবাদ, সোণাপুৰঃ কাৰ্বি ছাত্ৰ সন্থাই সোমবাৰে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সংগঠনটোৰ শতাধিক সদস্যই ভাগ লয় এই প্ৰতিবাদী কাৰ্যসূচীত।

সংগঠনটোৰ বিভিন্ন দাবীসমূহ হ'ল ডিমৰীয়াৰৰ পৰা ASCRDA আইন প্ৰত্যাহাৰ কৰা, জনজাতি তথা খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান কৰা, তিৱা স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা, ভৈয়ামত বসবাস কৰা কাৰ্বি সকলক সুকীয়া স্বায়ত্ব শাসন প্ৰদান কৰা, ভৈয়ামৰ কাৰ্বি সকলক অনুসূচীত জনজাতি তালিকাভূক্ত কৰা, মাটি জৰিপ কৰি মাটি পট্টা প্ৰদান কৰা ইত্যাদি।