অসম

কাছাৰৰ সোনাই আৰক্ষীৰ জালত শক্তিশালী ড্ৰাগছ চক্ৰ…

asomiyapratidin

ডিজিটেল সংবাদ,শিলচৰঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কাছাৰৰ সোনাই থানাৰ আৰক্ষীয়ে এক শক্তিশালী ড্ৰাগছ চক্ৰক আটক কৰিবলৈ সক্ষম হয় ৷ সোনাই থানা এলেকাৰ নতুন ৰামনগৰত অভিযান চলাই আৰক্ষীয়ে তিনিজন ড্রাগছ ৱ্যবসায়ীক গ্রেপ্তাৰ কৰে ৷ ধৃত ব্যৱসায়ী কেইজন মাখন আহমেদ চৌধুৰী (টিটু) আৰু লখন আহমদ চৌধুৰী বুলি আৰক্ষীয়ে সদৰী কৰে ৷
এই দুইজনৰ পৰা আৰক্ষীয়ে নগদ ১,৯০,০০০ টকা আৰু দুই পেকেট সন্দেহজনক হেৰইনৰ লগতে ৩২টি ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ এম্পুল জব্দ কৰে ৷