অসম

পালছাৰ-২২০ কিনি দিব নোৱাৰা বাবেই ওদালগুৰিৰ ৰৌতাত পিতৃক মৰিয়াই হত্যা পুত্ৰৰ

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ ৰৌতাৰ ভালুকমাৰীত বুধবাৰে পুৱা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নৱম শ্ৰেণীত অধ্যয়ণৰত পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে পিতৃক।

জানিব পৰা মতে গাঁওখনৰ আদৰ্শ কৃষক নেবাৰাম নাৰ্জাৰীৰ(৫১)ৰ পুত্ৰ নৱম শ্ৰেণীত অধ্যয়ণৰত পুত্ৰ অমৃত নাৰ্জাৰী (১৭)য়ে দীৰ্ঘদিন ধৰি পিতৃক দাবী কৰি আহিছিল পালছাৰ-২২০ মটৰ চাইকেল। কিন্তু দৰিদ্ৰ পিতৃয়ে পুত্ৰৰ এই দাবী পুৰণ কৰিবলৈ অসমৰ্থ হোৱাত টকা জমা কৰি পৰৱৰ্তী সময়ত পুত্ৰক মটৰ চাইকেল ক্ৰয় কৰাৰ আশ্বাস দিছিল।

কিন্তু দুয়োৰে মাজত হোৱা বাক বিতণ্ডাৰ পৰিণতিত বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত পুত্ৰ অমৃত নাৰ্জাৰীয়ে নিজ গৃহতে থকা লোৰ অস্ত্ৰ এডালেৰে পিতৃৰ মুৰত প্ৰহাৰ কৰাত ঘটনাস্থলীতে পিতৃগৰাকীৰ মৃত্যু ঘটে। পাছত হত্যাকাৰী পুত্ৰক স্থানীয় ৰাইজে কৰায়ত্ব কৰি ৰৌতা আৰক্ষীক গতাই দিয়ে। ইপিনে মৃত লোকজনৰ মৰণোত্তৰ পৰীক্ষা ওদালগুৰি অসামৰিক চিকিৎসালয়ত সম্পন্ন হয়।