অসম

আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰধাৰীক শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ লগত যোগাযোগৰ আহ্বান 

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগে যোৱা ১৩ আগষ্টত এক নিৰ্দেশযোগে এনডিএএল প'ৰ্টেলটো পুনৰ মুকলি কৰে। এই প'ৰ্টেলত অৱশিষ্ট তথ্য আপলোড কৰাৰ অন্তিম সময়সীমা ২০১৯ চনৰ ৩১ মাৰ্চলৈকে সম্প্ৰসাৰণ কৰিছে বিভাগটোৱে।

বিশ্বনাথ জিলাৰ যিসকল আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰধাৰীয়ে এতিয়াও তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ একক পৰিচয় নম্বৰ লাভ কৰা নাই, তেওঁলোকে এই নম্বৰ প্ৰাপ্তিৰ বাবে তথা সংশ্লিষ্ট তথ্যসমূহ এনডিএএল প'ৰ্টেলত আপলোড কৰাৰ বাবে অতি শীঘ্ৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ আগ্নেয়াস্ত্ৰ শাখাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বিভাগটোৱে। বিশ্বনাথৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এখন জাননীযোগে জনোৱা হৈছে এই আহ্বান।