অসম

দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ উচ্চপদস্থ বিষয়া বা ঠিকাদাৰ বুলি ক'লেই সাধাৰণ লোকৰ মনলৈ আহে দুৰ্নীতি কেলেংকাৰী কিম্বা লাভৰ অংকৰ হিচাব। নিৰ্মাণ বা উন্নয়নৰ নামত কৰ্তৃত্বশীল বিভাগক ফাঁকি দি ৰাইজৰ ধন উদৰস্থ কৰা একাংশ লুভীয়া আৰু দুৰ্নীতিপৰায়ণ তথাকথিত দায়িত্বশীল বিষয়া আৰু ঠিকাদাৰৰ বাবেই বিষয়া আৰু ঠিকাদাৰসকলক চৰকাৰী আঁচনিৰ ধন লুটপাত কৰি খোৱা বুলি প্ৰায়ে সন্দেহৰ চকুৰে চোৱা হয়।

দৰাচলতে সকলো ঠিকাদাৰ আৰু বিষয়া-কৰ্মচাৰী একে নহয়। দুৰ্নীতি পৰায়ন বিষয়া-ঠিকাদাৰৰ মাজতো নীতি আদৰ্শ বজাই ৰাখি আৱন্টিত আঁচনিৰ ধনেৰে আদৰ্শ ঠিকাদাৰৰ ৰূপত কাম কৰাৰ উপৰিও লাভৰ অংক নকৰি সামাজিক দায়িত্ববোধ পালন কৰা বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ ইতিবাচক খবৰো এইখন সমাজত আছে। তেনে এক ইতিবাচক খবৰে গোৱালপাৰা চহৰৰ সচেতন মহলক দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আগিয়া-শোলমাৰীৰ পৰা গোৱালপাৰা চহৰৰ মাজেৰে যোৱা ১২(এ) ৰাজ্যিক ঘাইপথৰ সদা ব্যস্ত ট্ৰান্সপ'ৰ্টৰ সন্মুখৰ অংশ এটি বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত হৈ থকাত যাতায়াতত ৰাইজ যথেষ্ট আহুকালত পৰি আহিছে। আনকি এজাক সাধাৰণ বৰষুণতে পথৰ অংশছোৱাৰে খোজ কঢ়াৰো উপযোগী নহয়। এক কথাত পথছোৱাই চহৰবাসী ৰাইজক জ্বলাকলা খুৱাই আহিছে।

অৱশ্যে গোৱালপাৰা আৰক্ষী আৰু পৌৰ প্ৰশাসনে বিধ্বস্ত পথছোৱা মেৰামতি কৰিবলৈ অলপতে শিল বালি পেলাইছিল। কিন্তু অত্যাধিক বাহন চলাচলৰ বাবে পুনৰ আগৰ অৱস্থা পায়। গোৱালপাৰা জিলা গড়কাপ্তানি (গ্ৰাম্য পথ) সংমণ্ডলৰ অধীনস্থ নহয় এই পথটো। সেই বাবে সংশ্লিষ্ট বিভাগটোৱে পথছোৱাত চৰকাৰী মেৰামতিৰ ধনো নিজ ইচ্ছাত খৰচ কৰিব নোৱাৰে। অৱশেষত ৰাইজৰ যাতায়াতৰ দুৰ্গতি আঁতৰ কৰাৰ বাবে জিলা গড়কাপ্তানি (গ্ৰাম্য পথ) সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পদ্মানন্দ চৌধুৰী আৰু সহকাৰী অভিযন্তা বনজিৎ অধিকাৰীয়ে হঠাতে ল'লে সামাজিক দায়বদ্ধতাৰ এক ইতিবাচক সিদ্ধান্ত।

এই উচ্চ পদস্থ বিষয়া দুগৰাকীয়ে ৰাইজৰ দুৰ্গতি আঁতৰাবলৈ আহ্বান জনায় একাংশ ঠিকাদাৰক। এই আহ্বানৰ পিছতেই ৰাইজৰ বৃহৎ স্বাৰ্থত উক্ত পথছোৱা গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিবলৈ ওলাই আহিল গড়কাপ্তানি পথ বিভাগৰ একাংশ দায়িত্বশীল ঠিকাদাৰ। সেই ঠিকাদাৰ কেইজন হ'ল- যৌথভাৱে জয়ন্ত মেধি-সঞ্জয় ৰায়, এম পি আগৰৱালা আৰু অনুপম শৰ্মা। বিধ্বস্ত পথছোৱা পেভাৰ ব্লকেৰে মেৰামতি কৰাৰ বাবে যৌথ ঠিকাদাৰদ্বয়ে বণুৱাৰ খৰচ, এম পি আগৰৱালাই পেভাৰ ব্লক আৰু অনুপম শৰ্মাই মিছনেৰী সকলো খৰচ বহন কৰি শুকুৰবাৰৰ সন্ধিয়াৰ পৰা ওৰে নিশা যুদ্ধকালীন তৎপৰতাৰে ঠিকাদাৰ কেইজনে সোঁ শৰীৰে উপস্থিত থাকি মেৰামতিৰ কাম চলায়।

বাকি থকা কাম শনিবাৰে নিশা সম্পূৰ্ণ কৰাৰ পিছত পৰৱৰ্তী সময়ত আন এটি অংশ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰাৰ বাবে যাৱতীয় শিল-বালি, পেভাৰ ব্লক আদি যোগাৰো কৰিছে বুলি জানিব পৰা গৈছে। গড়কাপ্তানি বিষয়াদ্বয়েও পথ মেৰামতিৰ অতিৰিক্ত খৰচ বহন কৰি বিগত দুনিশা পুৱা ৬ বজালৈ মেৰামতিৰ তত্বাৱধান কৰে। বিয়ষাদ্বয় আৰু ঠিকাদাৰ কেইজনৰ সামাজিক দায়বদ্ধতাৰ এই ইতিবাচক কামৰ বাবে চহৰবাসী সচেতন ৰাইজে প্ৰশংসা কৰি শলাগ লোৱা পৰিলক্ষিত হৈছে।