অসম

সমাজকৰ্মীৰ মৃত্যুত বকোত শোকৰ ছাঁ..

asomiyapratidin

ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে এগৰাকী সমাজকৰ্মীৰ পৰলোকপ্ৰাপ্তি ঘটে। ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং ছেখাদাৰী মাজপাৰাগাঁৱৰ অমূল্য ৰাভা (৯২) নামৰ লোকগৰাকীৰ পুৱা প্ৰায় ৫.৩০বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ।

২নং উত্তৰ ছেখাদাৰী মাজপাৰা যুৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি , ২নং উত্তৰ ছেখাদাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি , ২নং উত্তৰ ছেখাদাৰী শ্ৰীশ্ৰী ৰামচন্দ্ৰ গোঁহাই ৰাইজৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে গাঁওখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত তেখেতে তিনি পুত্ৰ , দুগৰাকী কন্যা , বোৱাৰী-জোঁৱাই আৰু নাতি – নাতিনীক ইহসংসাৰত এৰিথৈ যায় । বিয়লি তেখেতৰ নশ্বৰদেহৰ অন্ত্যূষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।