অসম

বিশিষ্ট সমাজকৰ্মী অশোক কুমাৰ দাসৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, নিউ গুৱাহাটীঃ নিউ গুৱাহাটী তিনিআলি নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য গাণনিক বিষয়া অশোক কুমাৰ দাসৰ ৮৭ বছৰ বয়সত শনিবাৰে সন্ধিয়া মুম্বাইৰ টাটা মেম'ৰিয়েল ইনষ্টিটিউতত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন পূজা সমিতি, ইউথ ক্লাৱ, জ্যেষ্ঠ নাগৰিক সংস্থা, নিউ গুৱাহাটী আঞ্চলিক উন্নয়ন সমিতিকে ধৰি অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত দাসৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

উক্ত অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে দাসৰ বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী উচ্চশিক্ষিত পুত্ৰ, দুগৰাকী কন্যাসহ আত্মীয় স্বজনক এৰি থৈ যায়।

দেওবাৰে তেওঁৰ নশ্বৰদেহ মুম্বাইৰ পৰা গুৱাহাটীলৈ আনি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মসানত শেষকৃত্য সম্পন্ন কৰা হয়।