অসম

ছ’চিয়েল মিডিয়াত চৰ্চাঃ কিয় বিজেপিকৰণ কৰা হ’ল জোনবিল মেলা! VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ২১ জানুৱাৰীৰ পৰা মৰিগাঁৱৰ জোনবিলৰ পাৰত আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই মেলাৰ। তাৰ মাজতে ছ'চিয়েল মিডিয়াত এইবাৰৰ জোনবিল মেলাখন এক প্ৰকাৰে বিজেপিকৰণ কিয় কৰা হ'ল বুলিও চৰ্চা চলিছে।

এই মেলালৈ যাব লগা মুল প্ৰৱেশ পথৰ দুয়ো কাষত দেখা গৈছে বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ফটো। প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী সোণোৱালকে ধৰি বহু কেইগৰাকী বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ফটো আঁৰোৱা হৈছে মুল প্ৰৱেশ পথটোৰ দুয়ো কাষত। পিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোখন আছে ২৫ নম্বৰতহে। জোনবিল মেলাক লৈ এনেদৰেই চলিছে এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চা।