অসম

৭ দিনৰ নিয়াৰ জিম্মালৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ ৭ দিনৰ নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰক। শুকুৰবাৰে তেওঁক নিয়াৰ চানমাৰিৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে ৭ দিনৰ বাবে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকীক নিয়াই গ্ৰেপ্তাৰ কৰিছিল।

চাৰিদিন ধৰি সোধ-পোছ চলোৱাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিছিল নিয়াই। যোৱা ১২ ডিচেম্বৰৰ দিনা অখিল গগৈৰ সৈতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰনেতাজনে ২৬ ডিচেম্বৰত ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল।