অসম

ডিজেল ভৰাব লৈ অহা ট্ৰকৰ পৰা ধোঁৱা নিৰ্গমন,ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা…

asomiyapratidin

ডিজিটেল সংবাদ দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ক্ষুদ্ৰপলহাস্থিত এটা তেল ডিপো আৰু সমীপতে থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পৰা কোনো মতে ৰক্ষা পাবলৈ সক্ষম হয়।

আজি নিশা প্ৰায় ৯ বজাত মঙলদৈ অভিমুখী এখন ট্ৰাকে ক্ষুদ্ৰপলহাস্থিত এটা তেল ডিপোত ডিজেল ভৰাবলৈ আহে। কিন্তু ডিজেল ভৰাব নৌপাওঁতেই ট্ৰাকখনৰ পৰা হঠাতে অস্বাভাৱিক ভাবে ধোঁৱা নিৰ্গমন হবলৈ ধৰাত তেল ডিপোৰ কৰ্মচাৰীৰ লগতে ট্ৰাকখনৰ চালকেও আতংকিত হৈ পৰে।

ফলত ততাতৈয়াকৈ ডিপোটোৰ কৰ্মচাৰী আৰু একাংশ স্থানীয় লোকে অস্বাভাৱিক ভাৱে ধোঁৱা নিৰ্গমন হৈ থকা ট্ৰাকখন তেল ডিপোৰ পৰা ঠেলি ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিত ৰখাই তেল ডিপোত জৰুৰীকালীন অৱস্থাত অগ্নি নিৰ্বাপনৰ কাৰণে মজুত ৰখা পাওদাৰ জাতীয় অগ্নি নিৰ্বাপক স্প্ৰে কৰি দিয়ে। যাৰ বাবে ট্ৰাকখনৰ লগতে টেল ডিপো আৰু সমীপতে থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে।