অসম

অভাৱনীয় হাৰত হ্ৰাস কেঁচা চাহৰ মূল্যঃ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অৱস্থা

asomiyapratidin

ডিজিটেল সংবাদ কলিয়াবৰঃ অভাৱনীয় হাৰত হ্ৰাস পাইছে কেঁচা চাহ পাতৰ মূল্য । ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল । ৰাজ‍্যৰ উৎপাদিত চাহপাতৰ ৫২ শতাংশ চাহপাত উৎপাদন হয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা । য'ত প্ৰত‍্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত হৈ আছে অসমৰ ১৫ লাখ লোক । এতিয়া সেই সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

যি সময়ত কেঁচা চাহপাতৰ মূল্য ৪৫ টকা হ'ব লাগে সেই সময়ত বৰ্তমান কেঁচা চাহপাতৰ মূল্য ১৫ টকাৰো কম । ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এই অৱস্থা বাহাল থাকিলে অচিৰেই ক্ষুদ্ৰ খেতিয়কৰ চাহ বাগিচা সমূহ বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে ৷

সেয়েহে অসম চৰকাৰক সমগ্ৰ বিষয়টোৰ ওপৰত এক ব‍্যৱস্থা গ্ৰহণৰ বাবে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক কৰুণা মহন্তৰ উপস্থিতিত একাংশ বিষয়ববীয়াই বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ আশা প্ৰকাশ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।