অসম

ওদালগুৰিত সৰু আই, ৰুবেলা টিকাকৰণ অভিযান

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো স্বাস্থ্য বিভাগে অহা ১৭ আগষ্টৰ পৰা সৰু আই আৰু ৰুবেলা প্ৰতিষেধকৰ টিকাকৰণ অভিযান আৰম্ভ কৰিব। স্বাস্থ্য বিভাগৰ এই অভিযানত সহযোগ কৰিব ওদালগুৰি জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগে।

সোমবাৰে, অভিযান সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে অভিযানটোৰ জিলা প্ৰতিষেধক বিষয়া গণেশ ব্ৰহ্মই। ন মাহৰ পৰা ১৫ বছৰৰ সকলো ল'ৰা-ছোৱালীক সামৰি জিলাখনৰ তিনিটা খণ্ড উপ-স্বাস্থ্য কেন্দ্ৰ ক্ৰমে ওদালগুৰি, খৈৰাবাৰী আৰু ওৰাঙৰ মুঠ ২,০৭,২২৩ গৰাকী হিতাধিকাৰীক এই অভিযানত অন্তৰ্ভূক্ত কৰা হ'ব।

এই অভিযানে জিলাখনৰ ১,৬১৭ খন চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ লগতে ৮০০ টা অঙ্গনবাড়ী কেন্দ্ৰক সামৰি ল'ব। অভিযান সফলভাৱে ৰূপায়ণৰ বাবে জিলাখনৰ ২৮৮ গৰাকী স্বাস্থ্যকৰ্মীক নিয়োগ কৰাৰ উপৰিও বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু এগৰাকীকৈ শিক্ষকক ন'ডেল বিষয়া হিচাপে প্ৰশিক্ষণ দিয়াৰ কথা জিলা প্ৰতিষেধক বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

অহা ১৭ আগষ্টৰ পৰা পাঁচ সপ্তাহ পৰ্যন্ত এই অভিযান চলাৰ কথা ঘোষণা কৰি বিষয়াগৰাকীয়ে কয় যে প্ৰথম দুসপ্তাহ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ, তৃতীয় সপ্তাহত উপ-স্বাস্থ্যকেন্দ্ৰসমূহত, চতুৰ্থ সপ্তাহত বিভিন্ন ভিতৰুৱা অঞ্চলসমূহত আৰু পঞ্চম সপ্তাহটোত বাকী ৰৈ যোৱা তথা বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক এই অভিযানত সামৰি ল'ব।