অসম

হৰিশিঙাত ৬টা হস্তনিৰ্মিত বন্দুকসহ আটক এজন

asomiyapratidin

ডিজিটেল সংবাদ, হৰিশিঙাঃ ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত কোৰামৰ নিজ লাইনত ৩৭ নং বেটালিয়ন এছএছবিয়ে অভিযান চলাই চিমচন ঘাটোৱাল নামৰ লোকজনক ৬ টা হস্তৰ্নিমিত বন্দুক আৰু এটা টৰ্চলাইটসহ আটক কৰে। এছএছবিয়ে হৰিশিঙা আৰক্ষী চকীত বন্দুকসহ চিমচন ঘাটোৱালক চমজাই দিয়ে।

আটকাধীন চিমচন ঘাটোৱালৰ বিৰুদ্ধে হৰিশিঙা আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তৰ ভাষ্য মতে হাতী খেদিবলৈ নিৰ্মাণ কৰিছিল বন্দুককেইটা। গাঁৱৰে খিলপা নামৰ ব্যক্তি এজনৰ পৰা ৩ মাহ মান আগতে এটি বন্দুক ক্ৰয় কৰিছিল আৰু তাৰ পিছতে বাকী ৫টা বন্দুক চিমচন ঘাটোৱালে নিজে নিৰ্মাণ কৰিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে।

অভিযুক্ত চিমচনক আজি ওদালগুৰি জিলা আদালতত হাজিৰ কৰোৱা হৈছিল তাৰ পিছত দুদিনৰ বাবে জিলা আদালতে অভিযুক্তক হৰিশিঙা আৰক্ষীৰ জিম্নালৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি হৰিশিঙা আৰক্ষী চকীৰ বিষয়া বিলেশ্বৰ কলিতাই সাংবাদিকক জানিবলৈ দিয়ে।