অসম

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত ছাত্ৰ-ছাত্ৰীৰ ৰাজপথ অৱৰোধ কাৰ্যসূচী

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৰাজ্যৰ চৌদিশে ভোগালীৰ আনন্দ-উল্লাস মাজতে সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজ পথত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী। শিৱসাগৰ জিলাৰ সমুহ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী একতা সভা আৰু মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা জিলাখনৰ আটাইকেইখন মহাবিদ্যালয়ৰ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমদল বাহিৰ কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি নগৰৰ দ'লমুখ চাৰিআলিত পথ অৱৰোধ কৰে। ৰাজপথত বহি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱাল গ' বেক, বিজেপি চৰকাৰ থু থু, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ কৰে।

মেজি সজা বা ভোজ খোৱাত ব্যস্ততাৰ মাজতে শিৱসাগৰৰ সকলো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিছে এই জাতিধ্বংশী বিধেয়ক খন বাতিলৰ দাবীত। 'বিহু সদায় পোৱা যাব, কিন্তু জাতিটো গ'লে পুনৰ ঘূৰাই পোৱা টান', 'আমি জাতিৰ বাবে ওলাই আহিছো', 'যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব' বুলি স্পষ্টকৈ কয় প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে।