অসম

শিৱসাগৰত চিলনী চোৰ! পুৱাই কাঢ়ি নিলে ৮৩হাজাৰ টকা

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নগৰত দিনক দিনে বৃদ্ধি হৈছে চিলনী চোৰৰ তাণ্ডৱ। নগৰখনৰ দলমুখ চাৰিআলিৰ ৰসৰাজ হোটেলৰ সমুখৰ পৰা মঙলবাৰে দিনৰ প্ৰায় ১১.৩০বজাত চিলনী চোৰে কাঢ়ি নিলে ৮৩ হেজাৰ টকা।

ভাৰতীয় ষ্টেট বেংকৰ অ' এন জি চি কলনি শাখাৰ পৰা টকাখিনি মোচাৰফ আলি নামৰ ব্যক্তিজনে উলিয়াই অনাৰ সময়তে দুৰ্বৃত্ত কেইজনে কাঢ়ি নিয়ে।

মটৰ চাইকেলত অহা দুৰ্বৃত্তদ্বয়ই মোচাৰফ আলীৰ পত্নীৰ হাতৰ পৰা কাঢ়ি নিয়ে টকাখিনি। বেগটোত এটিএম কাৰ্ড, মোবাইল ফোন আৰু কিছুমান লাগতিয়াল নথিপত্ৰ আছিল বুলি জানিব পৰা গৈছে।