অসম

শিৱসাগৰৰ ৰূদ্ৰসাগৰত বিষ্ণু মন্দিৰৰ বিগ্ৰহ প্ৰতিষ্ঠা

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ৰূদ্ৰসাগৰৰ পুৰণি পুখুৰীত নৱনিমিত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত দেওবাৰে 'শ্ৰীবিষ্ণু আৰু লক্ষী দেৱী'ৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়। উল্লেখ্য যে, ১৯৯৮চনৰ ফেব্ৰুৱাৰী মাহত ঐতিহ্যমণ্ডিত পুৰণি পুখুৰী উত্তৰ পাৰত প্ৰতিষ্ঠিত কৰিছিল যদিও পুনৰ বৃহত্তৰ ৰূদ্ৰসাগৰ ব্ৰহ্ম সমাজৰ উদ্যোগত পুৰণি পুখুৰীৰ পূৱ পাৰত মন্দিৰ নিৰ্মাণ কৰি দেওবাৰে ভগৱান বিষ্ণু আৰু লক্ষী দেৱীৰ মুত্তি প্ৰতিষ্ঠা কৰা হয়।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা দিনজোৰা কাৰ্য্যসূচীৰ ধৰ্মধ্বজা উত্তোলন কৰে বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি যতিন্দ্ৰ নাথ শৰ্মাই। ইয়াৰ লগতে বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে স্থানীয় বয়োজেষ্ঠ্য ব্যক্তি নোমল চন্দ্ৰ শৰ্মা আৰু সুৰেণ শৰ্মাই।

দেওবাৰে ঐতিহাসিক পুৰণি পুখুৰী পাৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত মুৰ্তি দুভাগ পূজা অৰ্চনাৰে প্ৰতিষ্ঠা কৰে শিৱসাগৰ বিষ্ণু দৌলৰ জেষ্ঠ পুৰোহিত হেমন্ত কুমাৰ বৰঠাকুৰে। দেওবাৰে এই অনুষ্ঠানত শিৱসাগৰৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে। অনাগত দিনত সমুহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বিষ্ণু মন্দিৰ পৰিচালনা সমিতি সম্পাদক বিনোদ কুমাৰ শৰ্মাই।