অসম

শিৱসাগৰত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নগৰৰ অতি ব্যস্ত দৌলমুখ চাৰিআলিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মটক যুৱ ছাত্ৰ পৰিষদৰ উলংগ প্ৰতিবাদ।

জাতিধ্বংসী নাগৰিকতা সংশোধনী বিধেয়ক, ২০১৯ ৰ বিৰুদ্ধে শিৱসাগৰ নগৰৰ ৰাজপথত চৰম পন্থা অৱলম্বন কৰিলে মটক যুৱ ছাত্ৰ পৰিষদৰ তিনিজন সদস্যই।

উলংগ প্ৰতিবাদ সাব্যস্ত কৰা বিটুল গগৈ জিলা সাধাৰণ সম্পাদক, বিতু পাটৰ জিলা উপ সভাপতি, অনিদ্ৰ কুমাৰ গগৈ সহকাৰী সাধাৰণ সম্পাদকক শিৱসাগৰ আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰে।