অসম

হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত ৰাস মহোৎসৱত ৭গৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন…

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত হাফলুটিং শাখা সাহিত্য সভাই হাফলুটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ ৬৫ সংখ্যক ৰাস মহোৎসৱ'ত বিগত বছৰৰ দৰে এই বছৰো অঞ্চলটোৰ জনজীৱনৰ লগত জড়িত সাতগৰাকী ব্যক্তিক সম্বৰ্ধনা জনায়।

বৰনাঘৰৰ মূলমঞ্চত অনুষ্ঠিত অনুষ্ঠানত হাফলুটিং বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল,ৰাস উদযাপন সমিতিৰ বিষয়ববীয়া সকল আৰু হাফলুটিং শাখা সাহিত্য সভাৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।

শাখাৰ সভাপতি ভুবন দত্ত দেৱৰ আদৰণী ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰশান্ত কুমাৰ নাথে। বয়োজেষ্ঠ ব্যক্তি সকলক একোখনকৈ ফুলাম গামোচা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়। হাফলুটিং বৰনামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰাও বয়োজেষ্ঠ সকলক একোখনকৈ ফুলাম গামোচাৰে সন্মান জনোৱা হয়।