অসম

শিৱসাগৰত প্ৰৱঞ্চকৰ ৰূপত সেনা জোৱান!

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ বৰ্তমান সময়ত সহজ সৰল অসমীয়া মানুহ ঠগ প্ৰৱঞ্চক দলৰ লক্ষ্য হৈ পৰিছে। বিভিন্ন সময়ত ইন্টাৰনেট বেংকিং, এটিএমৰ নম্বৰ লৈ প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি আহিছে এই প্ৰৱঞ্চকৰ দলে। শেহতীয়া ভাৱে শিৱসাগৰৰ বিভিন্ন হোটেল ৰেষ্টোৰেন্টত এনে দৰে প্ৰৱঞ্চনাৰে ধন লুটৰ ঘটনা পোহৰলৈ আহিছে। মানুহক সহজে বিশ্বাসত লবলৈ ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম, সেনাৰ পৰিচয় পত্ৰ। যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা বিৱৰণী মতে, শিৱসাগৰ চহৰৰ মাজমজিয়াস্থিত দ'লমুখ চাৰিআলিত থকা 'দা ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেন্ট' নামৰ বিলাসী হোটেল খনত কৰ্মৰত এজন পৰিচালকৰ পৰা প্ৰৱঞ্চকে তেওঁৰ বেংক একাউন্টৰ পৰা ধন লুটি নিয়ে। হোটেলৰ কৰ্মচাৰী জনে জনোৱা মতে ২০ আগষ্টৰ দিনা ৰাতি প্ৰায় ৮ঃ৪৫ বজাত হোটেলৰ লেণ্ডলাইন ফোনলৈ ৯১২৬৩৫৪১৬৬ নম্বৰৰ পৰা নিজকে সেনাবাহিনীৰ বিষয়া বুলি পৰিচয় দি প্ৰায় ৪৯০০ টকাৰ খাদ্য সামগ্ৰী সোনকালে পেকিং কৰিবলৈ আদেশ দিয়ে।

১০ মিনিটৰ ভিতৰত তেওঁৰ মানুহ আহি হোটেলৰ পৰা পেকিং কৰা খাদ্য সামগ্ৰী সমূহ লৈ যাব বুলি কয়। বিলৰ ধন অনলাইনত প্ৰেৰণ কৰিবৰ বাবে হোটেলৰ কৰ্মচাৰীজনৰ এছ বি আইৰ এ টি এমৰ নম্বৰ বিচাৰে। নিজকে সৈন্যবাহিনীৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তিজনে সেনাবাহিনীৰ পৰিচয় পত্ৰকে ধৰি বহু তথ্যপাতি প্ৰদৰ্শন কৰাত হোটেলৰ কৰ্মচাৰীজনে তেওঁৰ এ টি এমৰ নম্বৰটো ব্যক্তিজনক প্ৰদান কৰে।

কিছু সময়ৰ পিছতেই সেই প্ৰৱঞ্চক ব্যক্তিজনে হোটেল কৰ্মচাৰীজনৰ শিৱসাগৰ কলনিৰ এছ বি আই শাখাৰ একাউন্টৰ পৰা ৬৫০০ টকা প্ৰৱঞ্চনাৰে উলিয়াই লৈ যায় আৰু তেওঁ অৰ্ডাৰ দিয়া খাদ্য হোটেলটে পৰি ৰয়। অৱশেষত ভুক্তভুগী কৰ্মচাৰী জনে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে।

অনুৰূপ পন্থাৰে শিৱসাগৰৰ বহুকেইখন হোটেল ৰেষ্টুৰেন্টৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।