অসম

শিৱসাগৰত দিন ডকাইতিঃ পালচাৰত অহা দুৰ্বৃত্তই কাঢ়ি নিলে ৩লাখ টকা

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ সোমবাৰে দিনৰ প্ৰায় ১১ বজাত শিৱসাগৰ চহৰৰ মাজমজিয়াত সংঘটিত এক ডকাইতি ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰখনত। শিৱসাগৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দিন দুপৰতে দূৰ্বৃত্তই সংঘটিত কৰা দিন ডকাইটি ঘটনাই নিৰাপত্তাৰ দিশত শিৱসাগৰ আৰক্ষীৰ ফোপোঁলা স্বৰূপটো উদঙাই দিয়ে।

ঘটনা বিৱৰণি মতে, দেওবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত এন ই পেইন্ট নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী গৌতম বড়োৱে চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত থকা এলাহাবাদ বেংকৰ পৰা তিনি লাখ টকা উলিয়াই নিজৰ স্কুটিৰে আহি আছিল। চহৰৰ ৰাজ্যিক পৰিবহন আস্থানৰ সমীপত এটা ডিভাইদাৰ পাৰ হওতেই কলা ৰঙৰ পালচাৰ বাইকট অহা দুটা দুৰ্বৃত্তই বড়োৰ পৰা টকাৰ বেগটো কাঢ়ি লৈ তীব্ৰ বেগেৰে উধাও হয়। স্কুটি লৈ গৌতম বড়োৱে কিছু দূৰ খেদি যায় যদিও দুৰ্বৃত্তক ধৰিবলৈ সক্ষম নহল।

পেইন্ট নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী গৌতম বড়ো।

ঘটনাৰ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ মালিক গোপাল যোশীয়ে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে দুৰ্বৃত্তক কৰায়ক্ত কৰিবলৈ সক্ষম হোৱা নাই। কৰ্মচাৰীক দৰমহা দিবৰ বাবে উক্ত তিনি লাখ টকা বেংকৰ পৰা উলিয়াই আনিছিল বুলি প্ৰকাশ কৰে এন ই পেইন্টৰ স্বত্বাধিকাৰীজনে।

উল্লেখ্য যে, এলাহাবাদ বেংকৰ এই শাখাটোৰ পৰা ইয়াৰ পূৰ্বেও বহুবাৰ এনেদৰে দুৰ্বৃত্তই গ্ৰাহকৰ পৰা টকা কাঢ়ি নিছে যদিও আজিলৈকে কোনো দুৰ্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই শিৱসাগৰ আৰক্ষীয়ে। কোনো গ্ৰাহকে কিমান টকা উলিয়াইছে সেই তথ্য দূৰ্বৃত্তই কেনেদৰে লাভ কৰে তাক লৈও এক গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও বহুবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে এই বেংকৰ পৰা। আৰক্ষীৰ সঠিক তদন্তত এই দিন ডকাইটি ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক কৰায়ক্ত কৰিব পাৰিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।