অসম

বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰ: বিজেপিৰ খেলুৱা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী ও শিৱসাগৰ জিলা মহিলা মৰ্চাৰ নেত্ৰী মিনাক্ষী দত্তৰ বাসগৃহত আৰক্ষী-আবকাৰী বিভাগে শনিবাৰে নিশা অভিযান চলায়৷ অভিযানকালত মিনাক্ষী দত্তৰ দৰিকাপাৰস্থিত বাসগৃহত প্ৰায় ৫ লক্ষাধিক ধকাৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু আবকাৰী বিভাগ৷

আৰক্ষীয়ে বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনি জব্দ কৰাৰ লগতে আটক কৰে সুৰা ব্যৱসায়ী তথা বিজেপি নেত্ৰীগৰাকীৰ স্বামীসহ ১১ জন লোকক৷ বিজেপি নেত্ৰীগৰাকীৰ বাসগৃহত অবৈধ সুৰাৰ ঘাটিত বহি থকা অৱস্থাত ৰামচন্দ্ৰ ৰায় (পাটনা) , অঞ্জন শইকীয়া,অঞ্জন গগৈ, ললিত দত্ত' (মিনাক্ষী দত্তৰ স্বামী), পাৰ্থ লাহন, গৌতম দাস, বিকাশ দত্তকে ধৰি ১০ জন সুৰাপায়ীক আটক কৰা হয়৷ পৰৱৰ্তীকালত আৰক্ষীয়ে কেউগৰাকীকে চি আৰ পি চি ৪১ (এ) ৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷

লকডাউনৰ সময়ত বিজেপি নেত্ৰীৰ ঘৰত এনেদৰে বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপি নেত্ৰীৰ স্বামী সহ আটকাধীন ১১ জনক মুকলি কৰি দিয়াৰ বাবে শিৱসাগৰৰ এজন বিজেপি নেতাই আৰক্ষীক ব্যাপক হেচা প্ৰদান কৰে বুলিও অভিযোগ উত্থাপন হৈছে৷

ইফালে, সুৰা উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীয়ে এক বিজ্ঞপ্তিত উল্লেখ কৰিছে যে – 'কোৰোনা মহামাৰীকলৈ দেশৰ সংকটৰ বেলাত চেৰেকাপাৰ পঞ্চায়ত নিবাসী মিনাক্ষী দত্তৰ বাসগৃহৰ পৰা তেখেতৰ স্বামীসহ এঘাৰজনকৈ ব্যক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত চলি থকা লকডাউনক আওকাণ কৰি নিজ বাসগৃহত সুৰাৰ বেহা অব্যাহত ৰখাৰ অপৰাধত জিলা প্ৰশাসনে আটক কৰা বাতৰি দৃষ্টিগোচৰ হৈছে। এই ঘটনাই আমাক সচকিত কৰিলে। এই বাতৰিৰ যোগেদি মিনাক্ষী দত্ত আৰু তনয়া দৃষ্টিপ্ৰীয়া দত্ত নামৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ নাম সাঙুৰ খাই পৰাৰ পৰিপ্ৰেক্ষিতত দলৰ ভাৱমূৰ্ত্তি বিনষ্ট হোৱা আমি অনুভৱ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নীতি অনুসৰি প্ৰথম দেশ, দ্বিতীয় দল আৰু সদৌ শেষত ব্যক্তি। গতিকে কোনো ব্যক্তিৰ কৰ্মকাণ্ডই যেতিয়া দেশৰ ক্ষতি সাধন কৰে তেনে ব্যক্তিৰ প্ৰতি দলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

সেয়ে আজি ২৯-৩-২০২০ তাৰিখ দেওবাৰে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দেশ তথা দলৰ স্বাৰ্থত মিনাক্ষী দত্ত আৰু দৃষ্টিপ্ৰীয়া দত্তক দলীয় দায়িত্ব তথা কামকাজৰ পৰা অব্যাহতি দিয়াৰ লগতে ঘটনা সম্পৰ্কে তদন্তৰ নিমিত্তে বিজেপি শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি প্ৰবীন কোঁৱৰ, সা:সম্পাদক পলাশ পৱন শইকীয়া আৰু সম্পাদক প্ৰণৱ চেতীয়াকলৈ তিনিজনীয়া তদন্ত সমিতি এখনি গঠন কৰি দিয়া হৈছে। উক্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত বিজেপি, ৰাজ্যিক সমিতিৰ নেতৃবৃন্দৰ যোগেদি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সকলো পক্ষকে শ্ৰদ্ধাৰে অৱগত কৰিলো।'