অসম

শিৱসাগৰৰ নামতিত প্ৰথমজন সংবাদিক কোৰোনা পজিটিভ, আতংকিত ৰাইজ…

asomiyapratidin

ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলত প্ৰথমজন সংবাদিক কোৰোনা পজিটিভ। বৃহত্তৰ নামতি অঞ্চলৰ জেষ্ঠ সাংবাদিক তথা নামতি প্ৰেছ গীল্ডৰ যুটীয়া সম্পাদক মনোজ কুমাৰ বৰুৱাৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি।

সাংবাদিক জনৰ দেহত ক'ৰনাৰ উপস্থিতি ধৰা পৰাৰ পাছতেই অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। সাংবাদিক জনে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে বহু লোকৰ সংস্পৰ্শলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰি আতংকিত হৈছে ৰাইজ।

প্ৰথম অৱস্থাত নিজ বাস গৃহতে আচুতীয়াকৈ আছিল যদিও বৰ্তমান স্বাস্থ্য বিভাগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে তেওঁক। নামতি প্ৰেছ গীল্ডৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান প্ৰতিস্থানে সাংবাদিক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।