শিৱসাগৰ

শিৱসাগৰ আৰক্ষীৰ জালত বাইক চুৰি কাণ্ডৰ দুই অভিযুক্ত...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ : সুদীৰ্ঘ দিন ধৰি শিৱসাগৰ আৰক্ষীৰ বাবে মূৰৰ কামুৰণি হৈ পৰা কূখ্যাত অপৰাধী তথা বাইক চোৰ মিৰাজ বৰা( ৩৬) অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত ৷ এখন গ্লেমাৰ বাইক চুৰিৰ গোচৰৰ সন্দৰ্ভত অভিযান চলোৱা শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ কুমাৰ হুজুৰীৰ নেতৃত্বাধীন আৰক্ষীৰ এটা দলে ৰাজমাইৰ জাপিসজীয়া অঞ্চলত চাহ বাগিচাৰ মাজেৰে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত বাতৰি মতে, বুধবাৰৰ বিয়লি নগৰৰ মাজমজিয়াৰ বি জি ৰোডৰ নিৱাসী সঞ্জীৱ চেতিয়া নামৰ শিক্ষক জনৰ বাসগৃহৰ পৰা ৰখাই থোৱা অৱস্থাত এ এচ ০৪ এম ৮৬৫০ নম্বৰৰ গ্লেমাৰ বাইক খন চুৰি কৰিছিল ৷ ঘটনাৰ সন্দৰ্ভত পৰিয়ালটোৱে পিছদিনা পুৱা শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল জোৰদাৰ তদন্ত ৷ চুৰি হোৱা স্থানৰ সমীপৰ এটা পৰিয়ালৰ বাসগৃহত লাগি থকা চি চি টিভিত আংশিক ভাৱে চুৰি কাৰ্যৰ দৃশ্য আৱদ্ধ হৈছিল ৷ এই আংশিক চুৰিৰ দৃশ্যৰ আধাৰতেই সদৰ আৰক্ষীয়ে বাইক চুৰিৰ ঘটনাৰ লগত কুখ্যাত অপৰাধী মিৰাজ বৰা জড়িত থকাটো নিশ্চিত হৈছিল ৷

কিন্তু অত্যন্ত চতুৰ অপৰাধীটোৱে চোং সলাই থকাৰ বাবে আৰক্ষীয়ে জালত পেলাব পৰা নাছিল ৷ গোপন সূত্ৰই যোগান ধৰা তথ্যৰ আধাৰত সদৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ কুমাৰ হুজুৰীৰ নেতৃত্বত অসামৰিক বেশত যোৱা আৰক্ষীৰ এটা দলে জাপিসজীয়া অঞ্চলত অপৰাধীটোক কৰায়ত্বৰ বাবে চেষ্টা চলাইছিল যদিও অপৰাধীটোৱে বাগানৰ চাহ বাগিছাৰ আঁৰ লৈ পলায়নৰ চেষ্টা চলায় ৷অৱশেষত অভিযানকাৰী দলটোৱে দীৰ্ঘ দূৰত্ব খেদি নি এটি বাগিছাৰ বস্তিত আত্মগোপনৰ চেষ্টা চলাওঁতেই মিৰাজক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন মিৰাজ বৰাক সদৰ থানালৈ আনি জেৰা চলাওঁতেই বাইক চুৰি কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে নগৰৰ প্ৰগতি চাৰিআলিৰ এটা অৱৈধ লোহাৰ ডেম্পত বাইকখন লুকুৱাই থোৱাৰ কথা স্বীকাৰ কৰে ৷

লগে লগেই আৰক্ষীয়ে অপৰাধী মিৰাজক লগত লৈ ডেম্পটোত অভিযান চলোৱাত বাইক খন উদ্ধাৰ কৰাৰ লগতে চুৰি কাণ্ডৰ লগত পোনপটীয়াকৈ জড়িত অবৈধ ডেম্পৰ গৰাকী আজিজুৰ আলিকো আটক কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে দুয়োটা গভাইত চোৰকেই ভুক্তভোগী সঞ্জীৱ চেতিয়াই দাখিল কৰা ৫৮/ ২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ৩৭৯ ধাৰাত গ্ৰেপ্তাৰৰ অন্তত আদালতত হাজিৰ কৰাত আদালতে দুয়োটা অপৰাধীকেই জেললৈ প্ৰেৰণ কৰে ৷ আনহাতে শিৱসাগৰত ৰঘুমলাৰ দৰে বৃদ্ধি পাই অহা অবৈধ ডেম্প সমূহ সম্প্ৰতি চুৰি যান-বাহন তথা আন মূল্যবান সা-সামগ্ৰীৰ ক্ৰয়- বিক্ৰয়ৰ অভিকেন্দ্ৰত পৰিণত হৈছে ৷

এক মাত্ৰ অ এন জি চিৰ চুৰি লোহাৰে লালিত পালিত ডেম্প সমূহৰ পৰা বিগত সময়চোৱাত বহুতো চুৰিৰ সামগ্ৰী উদ্ধাৰ তথা গভাইত অপৰাধী আটক হোৱাৰ ওপৰিও সন্দেহজনক নাগৰিকৰ আশ্ৰয়স্থলী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ কিন্তু ইমানৰ পিছতো শিৱসাগৰ জিলা প্ৰশাসন-আৰক্ষী প্ৰশাসনে কিয় অৱৈধ ডেম্প উচ্ছেদৰ বাবে ব্যৱস্থা লোৱা নাই সেইয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে ৷ উল্লেখ্য যে, বহু কেইটা অপৰাধজনিত ঘটনাৰ মূল অভিযুক্ত তথা ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত মিৰাজ বৰাৰ দৰে দুৰ্ধষ অপৰাধীক শিৱসাগৰ আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতেই কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে ৷