শিৱসাগৰ

স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো ডিমৌবাসীয়ে দেখা নাই পকী পথ, দলং....

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিমৌঃ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো চিলাপথাৰ ডিমৌত নাই পকী পথ, নাই পকী দলং । বিধস্ত বাট-পথে যমৰ-যাতনা ভোগাইছে গঞা ৰাইজক । ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত শান্তিপুৰৰ এখন নদী হৈছে মিৰিজান। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই নদীখনে দুভাগ কৰিছে শান্তিবৰগঁড়া আৰু আইথানক।

পঞ্চায়ত কাৰ্যালয়ত, স্বাস্থ্যকেন্দ্ৰ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে নিতৌ অহা-যোৱাৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ । অতি বিপদজনকভাৱে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এই নদীখন পাৰাপাৰ কৰি স্কুল যাবলগীয়া হয় ৷ বাৰিষাৰ কালত এক কিলোমিটাৰ পথৰ বিপৰীতে ৫-৬ কিলোমিটাৰ দুৰত্ব পৰা নিতৌ যাতায়ত কৰিব লগাত দুখ প্ৰকাশ কৰিলে এইসকল ভুক্তভোগী ৰাইজে ।

পিছে শান্তিবৰগড়া, বালি গাঁও, শান্তিপুৰ, আইতান, কাউৰী পথাৰ গাঁৱলৈ যাতায়ত কৰা সুচল পথত আজি পৰ্যন্ত হৈ নুঠিল পকী দলং। বাৰিষাকালত কামৰূপ লোৱা নলাটোৰে বন্ধ হৈ পৰে যাতায়ত। অলেখ অনুনয় বিনয়ৰ পিছতো সমস্যাটো সমাধানত সাংসদ, বিধায়ক, পঞ্চায়ত, এম এ চিৰ বিয়াগোম নেতা আদি কোনেও গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে।

মুখ্যমন্ত্ৰীলৈ চিঠি লিখিও একো ফল নধৰিলে ৰাইজৰ। প্ৰতিটো বছৰে নিজা গাঁঠিৰ ধন ভাঙি ৰাইজে বাহৰ দলং নিৰ্মাণ কৰি চলায় বিপদসংকুল যাতায়ত। উপায়বিহীন ৰাইজে এইবাৰো বাহ সংগ্ৰহ কৰি মেৰামতি কৰিলে বাহৰ দলংখন। নলাটোৰ ওপৰত শীঘ্ৰে পকী দলঙ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনালে। অন্যথা সমাগত সময়ত ভোট বৰ্জনৰ হুমকি দিছে।