শিৱসাগৰ

পুৰণি দিখৌ দলঙত মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শুকুৰবাৰে বোৱাৰী পুৱাতেই শিৱসাগৰৰ কপিকলযুক্ত দিখৌ দলঙত এজন ব্যক্তিৰ মৃতদেহ ৰেলিঙত ওলমি থকা অৱস্থাত একাংশ প্ৰাতঃভ্ৰমণকাৰীৰ দৃষ্টি গোচৰ হয় ৷ ডিঙিত পেণ্ডেলত ব্যৱহৃত ৰছী লাগি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ ৷

চামৰাৰ চেন্দেল, জেকেট, বান্দৰ টুপী পৰিধান কৰা অৱস্থাত দলঙৰ ৰেলীঙত ওলমি আছিল মৃতদেহটো ৷ মৃতদেহটোৰ ডিঙিত ওলমি থকা ৰছী ডালক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ ৷ স্থানীয় ৰাইজে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ইতিমধ্যে পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মৃতদেহটো ৷ মৃত লোকজন মেটেকা গাঁৱৰ জীতেন দাস ( ৪৭) ৷ পেছাত গাড়ীৰ চালক জীতেন দাসবৃহস্পতিবাৰে বিয়লি কামৰ পৰা ঘৰলৈ ওলটি যোৱা নাছিল ৷

ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হয় ৷ তন্ন তন্ন কৈ পৰীক্ষা কৰা হৈছে মৃতদেহটো ৷ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত ক্ৰাইম ব্ৰাঞ্চল দলক মোতায়েন ৷

আৰক্ষীৰ অনুসন্ধানকাৰী দলেও ই এক সন্দেহজনক মৃত্যু বুলি আশংকা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, দিখৌ নদীৰ ওপৰত বৃট্ৰিছ আমোলত নিৰ্মিত লোৰ দলঙখনেদি দীৰ্ঘ সময় ধৰি যাতায়াত সম্পুৰ্ণৰূপে বন্ধ হৈ আছিল ৷