ডাঙৰ খবৰ
ডাঙৰ খবৰ 
শিৱসাগৰ

শিৱসাগৰত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰঃ শুকুৰবাৰে শিৱসাগৰ ৰে’ল ষ্টেচনৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ প্ৰায় ৩০ বছৰীয়া যুৱকজনৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ এই পৰ্যন্ত মৃতদেহ চিনাক্তকৰণ হোৱা নাই।

উল্লেখ্য যে,ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত মৃতদেহটো প্ৰত্যক্ষ কৰে৷ যুৱকজনৰ সমগ্ৰ শৰীৰ বোকাৰে আবৃত্ত হৈ আছে ৷ এখন হাত মূৰত দিয়া অৱস্থাত পৰি থকা যুৱকজনক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷