শিৱসাগৰ

শিৱসাগৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰ : শিৱসাগৰ চহৰৰ হেমচন্দ্ৰ বৰুৱা পথ ব্যৱসায়ী সন্থা, বাতৰি কাকত হকাৰ সন্থাৰ উদ্যোগত ইলোৰা বিজ্ঞান মঞ্চ আৰু ৰাইজৰ সহযোগত আমোলাপট্টিস্থিত হেমচন্দ্ৰ বৰুৱা উদ্যানত দেওবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৮ সংখ্যক জন্মদিৱস উদযাপন কৰা হয়। পুৱা তিনিখনকৈ পতাকা উত্তোলন কৰে ক্ৰমে হেমচন্দ্ৰ বৰুৱা পথ ব্যৱসায়ী সন্থাৰ সভাপতি অৰবিন্দ বৰুৱা, বাতৰি কাকত হকাৰ সন্থাৰ সভাপতি কৃষ্ণ গোস্বামী আৰু ইলোৰা বিজ্ঞান মঞ্চৰ উপদেষ্টা দিলীপ ফুকনে।

ভাষাৰ ওজাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পাছতে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ বৰঠাকুৰে আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমৰ বিজ্ঞানমনস্কতাৰ বাটকটীয়া আৰু ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বিভিন্ন দিশ আলোকপাত কৰি সাৰগৰ্ভ বক্তব্য আগবঢ়ায় শিক্ষাবিদ তথা সাহিত্যিক সোনাৰাম বৰুৱাই ৷ তেওঁ ভাষাৰ ওজাৰ জন্মদিন চৰকাৰক ৰাজ্যিক ভিত্তিত উদযাপন কৰাৰ আহ্বান জনায় ৷

অনুষ্ঠানত ৰংপুৰ সাহিত্য সভাৰ সভাপতি হেম বৰুৱা, শিক্ষাবিদ ধীৰেন্দ্ৰ নাথ ভূঞা, ইলোৰা বিজ্ঞান মঞ্চৰ ড০ যুগল খাৰঘৰীয়া, শিৱসাগৰ কলেজ, জয়সাগৰৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰকাশ কটকী, শিক্ষাবিদ নিৰঞ্জন চেতিয়া, সাহিত্যিক দীপালী ভট্টাচাৰ্য বৰুৱা,  এনামউদ্দিন আহমেদ, ব্যৱসায়ী সন্থাৰ সম্পাদক ৰাজু নাথকে আদি কৰি ভালেসংখ্যক ব্যক্তিয়ে ভাষাৰ ওজাই অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে।

আজিৰ এই অনুষ্ঠানতেই শিৱসাগৰ চহৰৰ বৃটিছ আমোলৰ আমোলাপট্টিৰ পৰিৱৰ্তে অঞ্চলটোৰ নাম হেমচন্দ্ৰ বৰুৱা নগৰ নামেৰে নামকৰণ কৰা আৰু বিদ্যালয়সমূহত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো বিজ্ঞানমনস্কতাৰ দিন হিচাপে উদযাপন কৰা সম্পৰ্কত দুটি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অনুষ্ঠানত হেমচন্দ্ৰ বৰুৱা সম্পৰ্কত অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এটি কালজয়ী কবিতা পাঠ কৰে দিপাঞ্জলী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ জ্ঞানম শইকীয়াই।

সভাত ইলোৰা বিজ্ঞান মঞ্চৰ মিহিৰ ভৰালী, ব্ৰজেন ফুকন, শিৱসাগৰ জিলা কবি সন্মিলনৰ সভাপতি মুকুল নাথ, শিক্ষাবিদ প্ৰতাপ চন্দ্ৰ দত্ত, নেচাৰ্চ বেকনৰ মুখ্য সমন্বয়ক ডা° জেহিৰুদ্দিন খান, হকাৰ সন্থাৰ সম্পাদক গুলজাৰ হুছেইনৰ লগতে অজিত দত্ত, অজিত ভূঞা, বীণা গোস্বামী, কল্পনা গোঁহাই গগৈ, মাণিক ভদ্ৰ, তপন দত্ত, প্ৰশান্ত বৰগোহাঁই, লীলা দত্ত, পদ্মেশ্বৰ চেতিয়াকে ধৰি প্ৰায় ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল।