অসম

ছিপাঝাৰৰ কুৰুৱাত ছিগিল ব্ৰহ্মপুত্ৰৰ বান্ধ, নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ… VIDEO

asomiyapratidin

ডিজিটেল সঙবাদ, ছিপাঝাৰ: ভয়াবহ হৈ পৰিছে ছিপাঝাৰৰ বান পৰিস্থিতি। ননৈৰ বাঢ়নী পানীয়ে কালি দুঠাইত মথাউৰি ছিগি ছিপাঝাৰৰ বিস্তীৰ্ন অন্চল প্লাৱিত কৰাৰ পিছত আজি পুৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিপাঝাৰৰ কুৰুৱাত ৰিং বান্ধ ছিগি নৈপৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ বুৰাই পেলায়।

ফেনে-ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুধবাৰে পুৱা উপৰ কুৰুৱাত থকা মথাউৰি সদৃশ ৰিং বান্ধটো ছিগি নিয়াত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। উল্লেখযোগ্য যে দীৰ্ঘদিনৰে পৰা হৈ থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াত উপৰ কুৰুৱাৰ কেইবা শ বিঘা ভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত ৰিঙ বান্ধটোৰো এক বৃহৎ অংশ খহাই নিছিল দুমাহ পূৰ্বে।

এই খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে ২০ কোটি টকা আবন্টন দিয়া হয় যদিও, জলসম্পদ বিভাগে চূড়ান্ত গাফিলতিৰ বাবে বালিৰে ৰিং বান্ধটো পুনৰ নিৰ্মাণ কৰিছিল। ঠিকাদাৰৰ অবাধ লুন্ঠনৰ পৰিণতিতে এনে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হ'ল অঞ্চলটোৰ ৰাইজে ।