অসম

ছিপাঝাৰত ১৫ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ ছিপাঝাৰত ১৫ নং ৰাষ্টীয় ঘাইপথত বুধবাৰে গধুলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ কেটিএম বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত বাইক আৰোহী ৷ নিহত বাইক আৰোহী জনৰ নাম চান কলিতা ৷

২০ বছৰীয়া চান কলিতা ছিপাঝাৰৰ ভূক্তাবাৰীৰ তপন কলিতাৰ পুত্ৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, তপন কলিতা প্ৰাক্তন সৈনিক আৰু বৰ্তমান চিপাঝাৰ ষ্টেচনত কাপোৰৰ ব্যৱসায়ী‌। ট্ৰাক খনৰ নম্বৰ এনএল০১কে২৬৮৭।