অসম

বলপূৰ্বক-প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্ম জাপিব নোৱাৰিব, মুখ্যমন্ত্ৰীৰ সমষ্টিতে ঐতিহ্যপীঠৰ গুৰিধৰোতাসকল অপমানিত, সংবাদমেলত হিন্দু ক্ৰান্তি দল

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে হিন্দু ক্ৰান্তি দল, অসমৰ নলবাৰী জিলা সমিতি। বৃহস্পতিবাৰে বিয়লি নলবাৰী জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত দলৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে, সত্ৰনগৰী মাজুলীৰ সাতামপুৰুষীয়া ধৰ্মীয় ঐতিহ্য, পৰম্পৰা, সমন্বয় আৰু একতাৰ বান্ধোন চিঙি ধৰ্মীয় উত্তেজনা সৃষ্টিৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ চলিছে। এই ষড়যন্ত্ৰৰ অংশহিচাপে এগৰাকী সত্ৰাধিকাৰক লক্ষ্য কৰি লোৱা হৈছে।

উল্লেখনীয় যে, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক এজন খ্ৰীষ্টান যুৱক প্ৰশান্ত পায়েঙৰ ৩৫/২০১৯ গোচৰৰ ভিত্তিত যোৱা এঘাৰ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰোৱা হয়। কোটিটকীয়া সম্পত্তি বিনষ্ট কৰা আৰু সহজ সৰল লোকক ধৰ্মান্তৰকৰণৰ যোগেদি স্ব কলা সংস্কৃতি বিলুপ্ত কৰাৰ প্ৰতিবাদ কৰাৰ বাবেই অতি পৰিকল্পিতভাবে সত্ৰাধিকাৰগৰাকীক আদালতত হাজিৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি কৰা হৈছে বুলি সংবাদমেলত অভিযোগ কৰা হয়।

হিন্দু ক্ৰান্তি দলৰ সংযোজনজনে কয় যে, স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতে যদি ঐতিহ্যপীঠৰ গুৰিধৰোতাসকল অপমানিত হ'বলগীয়া হয় – এয়া অতিশয় দুৰ্ভাগ্যজনক আৰু ইয়াক প্ৰতিহত কৰিবলৈ হিন্দু ক্ৰান্তি দলে দাবী জনাইছে। লগতে ২০০৬ চনৰ সাংস্কৃতিক দৃশ্যপট আইন গৃহীত কৰি মাজুলীক সাংস্কৃতিকভাবে সুৰক্ষিত কৰা, সত্ৰসমূহৰ মাটি অবৈধ দখলমুক্ত কৰা, অহা বিধানসভাত মাজুলী সন্দৰ্ভত বিশেষ আইন প্ৰণয়নৰ জৰিয়তে একক বৈষ্ণৱ পীঠৰূপে গঢ়ি তুলিবলৈও দাবী জনোৱা হয়।

সংগঠনটোৱে অভিযোগ কৰে যে, খ্ৰীষ্টান মিছনেৰীসকলৰ উদ্দেশ্যই হৈছে সমগ্র ভাৰতভূমিত বিশেষকৈ অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ সুযোগ লৈ চৰকাৰী ভূমি, সত্ৰৰ মাটি, চৰকাৰী স্বাস্থ্যকেন্দ্ৰ আদি অধিগ্ৰহণ কৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে ইংৰাজী বিদ্যালয় আৰু গীৰ্জা স্থাপন কৰি মাজুলীত হিন্দু ধৰ্মৰ লোকসকলৰ ওপৰত ধৰ্মীয় অত্যাচাৰ চলোৱা হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনৰ বিৰুদ্ধে জনমত গঠন কৰাত ভাৰতীয় সংবিধানৰ ধৰ্মৰ অধিকাৰ আৰু ধৰ্মনিৰপেক্ষতাৰ অধিকাৰক অপব্যৱহাৰ কৰি এক মনেসজা ঘটনা সজাই জনাৰ্দন দেৱগোস্বামীৰ ওপৰত মনেসজা গোচৰ আৰোপ কৰি ভাৰতীয় আইন ব্যৱস্থাটোক ভেঙুচালি কৰিছে বুলিও অভিযোগ কৰে সংগঠনটোৰ নেতাসকলে।

এয়া বৈষ্ণৱ সত্তাৰ লগতে হিন্দু ধৰ্মৰ সত্তাৰ ওপৰতো আক্ৰমণ বুলি অভিহিত কৰে হিন্দু ক্ৰান্তি দলে। সংবাদমেলত দলটোৰ নলবাৰী জিলাৰ প্ৰভাৰী অপূৰ্ব কলিতা, ৰাজ্যিক মুখপাত্ৰ বিশ্বজিৎ কলিতা, ৰাজ্যিক সহঃ সম্পাদক গৌতম দাস, ঘগ্ৰাপাৰ আঞ্চলিকৰ প্ৰভাৰী বিদ্যুৎ কুমাৰ দাস, ধমধমা আঞ্চলিকৰ প্ৰভাৰী সীমান্ত কলিতা আদিও উপস্থিত থাকে। তেওঁলোকে এই বুলিও হুংকাৰ দিয়ে যে, ধৰ্মনিৰপেক্ষ দেশ হ'ল বুলিয়ে প্ৰলোভন আৰু বলপূৰ্বকভাবে অসমৰ মানুহৰ ওপৰত খ্ৰীষ্টান ধৰ্ম জাপি দিব নোৱাৰিব।