অসম

শিমলুগুৰিত ব্যতিক্ৰম ৰূপত ভোগালীৰ উৰুকা…

asomiyapratidin

ডিজিটেল সংবাদ, শিমলুগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ শিমলুগুৰিতো ভোগালী বিহুৰ উৰুকা উলহ মালহেৰে পালন কৰা হয় ৷অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজগড়-শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ভোগালী বিহুৰ উৰুকা অসমৰ মেপৰ আৰ্হিত ভেলাঘৰ নিৰ্মিত কৰি এক অনন্য পৰিবেশত উদযাপন কৰে ৷

শিমলুগুৰিস্থিত ড০ ভূপেন হাজৰিকা সংগীত মহাবিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা উৰুকাৰ কাৰ্যসূচীত জুইৰ উম লৈ ৰাইজে শীতৰ সেমেকা ৰাতি উপভোগ কৰে এক সাংস্কৃতিক অনুষ্ঠানো ৷ অনুষ্ঠানত শিমলুগুৰিৰ বহু সংখ্যক শিল্পীয়ে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰাজগড় শিমলুগুৰি আঞ্চলিকৰ সভাপতি কৰুণ সন্দকৈ, বিষয়-ববীয়া বিতোপন সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমচন্দ্ৰ গোস্বামী, শিক্ষক, কবি বিতোপন গগৈৰ লগতে বহু সংখ্যক বিশিষ্ট লোক উপস্থিত থাকি উৰুকাৰ আনন্দ উপভোগ কৰি নিজৰ মনৰ ভাব ব্যক্ত কৰে৷