অসম

সীমান্ত চেতনা মঞ্চৰ মত-বিনিময় অনুষ্ঠান

asomiyapratidin

ডিজিটেল সংবাদ গুৱাহাটী: সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কনকলতা নগৰ আৰু ইয়াৰ অন্তৰ্গত খানাপাৰা, সাতগাওঁ, বাঘৰবড়ী আৰু বতাহঘূলী ৱাৰ্ডৰ নৱনিৰ্বাচিত বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যৰ এখন মত-বিনিময় বৈঠক দেওবাৰে পাঞ্জাবাৰীৰ বিষ্ণু নগৰস্থিত অভিনন্দন বিবাহ ভৱনত অনুষ্ঠিত হয়। কনকলতা নগৰ সমিতিৰ সভাপতি পৱন ঠাকুৰীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত মত-বিনিময় বৈঠকত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সম্পাদক অভিজ্ঞান বৰদলৈ, গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মা, উপ-সভাপতি বলীন চন্দ্ৰ নাথ, সাধাৰণ সম্পাদক বিশ্বজিৎ কলিতা, সম্পাদক জ্যোতি প্ৰসাদ কাকতি আৰু মহানগৰ সমিতিৰ কাৰ্যবাহী সদস্য তথা কনকলতা নগৰ সমিতিৰ সমন্বয়ক ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে।

বৈঠকত মঞ্চৰ সদস্য ভৰ্তি অভিযান, কোভিড পৰিস্থিতিৰ সম্পৰ্কত সজাগতা সভা, সংগঠনৰ গোহাৰি পত্ৰ বিতৰণ আদি বিভিন্ন বিষয়ত উপস্থিত কাৰ্যকৰ্তাসকলে মত-বিনিময় কৰে। ৱাৰ্ডৰ সভাপতিসকলক নিজ নিজ এলেকাৰ পূৰ্ণাংগ সমিতিৰ তালিকাখন যথা শীঘ্ৰে নগৰ সমিতিৰ সমন্বয়কৰ হাতত জমা দিবলৈ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।